ISRO’s GSLV-F12 successfully places its navigation satellite NVS-01 into premeditative orbit
![]() |
ISRO’s GSLV-F12 successfully places its navigation satellite NVS-01 into premeditative orbit |
ভাৰতৰ কাৰণে অতি সুখবৰ আৰু শুভ সংকেত যে ISRO ৰ (GSLV-F12) জিএছএলভি-এফ12-য়ে সফলতাৰে নেভিগেচন উপগ্ৰহ (NVS-01) এনভিএছ-01 ক সংকল্পিত কক্ষপথত উপাস্থাপন কৰিবলৈ সক্ষম হৈছে ।
ISRO ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২৯ মে' ২০২৩; প্ৰায় ২২৩২ কিলোগ্ৰাম ওজনৰ এনভিএছ-০১ নেভিগেশ্বন উপগ্ৰহটো সফলতাৰে জিঅ'চিংকৰোনাছ ট্ৰেন্সফাৰ কক্ষপথত উস্থাপন কৰে। উপগ্ৰহটো স্থাপন কৰা এই ভূ-সমকালীন উপগ্ৰহ উৎক্ষেপণ বাহনখনে (জিএছএলভি) (GSLV-F12) শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰ এছ.এ.আৰ.-ৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা ৰাতিপুৱা 10.42 বজাত এক গৰ্জনৰ সৈতে উৰা মাৰিছিল।
ISRO ভাৰতীয় মহাকাশ গৱেষণা সংস্থা Indian Space Research Organisation হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা, ইয়াৰ মুখ্য কাৰ্যালয় হৈছে কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত। আৰু এই বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ থকা সংস্থাটো মহাকাশ বিভাগৰ (ডি.ও.এছ.) (DOS) Department of Space)); অধীনত মহাকাশ-আধাৰিত প্ৰয়োগ, মহাকাশ অন্বেষণ আৰু সম্পৰ্কিত প্ৰযুক্তিৰ বিকাশসম্পৰ্কীয় কাম সম্পাদন কৰি থকা ভাৰতৰ এক প্ৰাথমিক সংস্থা হিচাপে প্রযোজিত ।
আৰু লক্ষণীয় যে অভিযান শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা (from the the second launch pad at the Satish Dhawan Space Centre SHAR, Sriharikota) (GSLV-F12) জিএছএলভি-এফ12/ (NVS-01) এনভিএছ-01 ৰ আৰম্ভ কৰা হৈছিল। আৰু ৰকেটটোৱে প্ৰায় ২৫১ কিলোমিটাৰ উচ্চতাত ২,২৩২ কিলোগ্ৰাম উপগ্ৰহটো জিটিঅ'ত নিয়োজিত কৰিছিল।
ISRO ই উক্তিত কয় যে, "প্ৰায় 19 মিনিটৰ উৰণৰ পিছত, এনভিএছ-ও1 উপগ্ৰহটো এটা ভূ-সমকালীন স্থানান্তৰ কক্ষপথত (Geosynchronous Transfer Orbit) সঠিকভাৱে সুমুৱাই দিয়া হৈছিল। পৰৱৰ্তী কক্ষপথ বৃদ্ধিৰ কৌশলে এনভিএছ-01ক সংকল্পিত ভূ-সমকালীন কক্ষপথলৈ লৈ যাব।"
ISRO said, “After a flight of about 19 minutes, the NVS-O1 satellite was injected precisely into a Geosynchronous Transfer Orbit. Subsequent orbit-raising manoeuvres will take NVS-01 into the intended Geosynchronous orbit.”
------------

0 Comments