![]() |
| Assamese story for Kids, Tale, Assamese |
শিয়াল আৰু গাধৰ কাহিনী
এখন জঙ্গলত বহুত জীৱ জন্তুৰ লগতে শিয়াল আৰু গাধই বাস কৰিছিল। এনেকৈ সকলোৱে হাঁহি ধেমালিৰে সূখেৰে বাস কৰিছিল। এদিনাখন গাধই খাদ্য বিছাৰি ঘুৰি ফুলতে হঠাতে এটা পুৱা দেখা পালে। আৰু ওচৰলৈ যায় চাই দেখা পালে যে কি ধূনীয়া ফটফটীয়া পানী কিছু ওপৰলৈ উপঙী আছে। পাৰৰ পৰা তললৈ যাওতে নিজৰ ছবি খন আইনা ছোৱাৰ দেখা পালে আৰু নিজকে নিজে কোৱা দি ক'লে ইয়ালৈকে মই সদায় আহিম !ইমান ধূনীয়া পানী অনাবিল। প্ৰকৃতিৰ কি সুন্দৰ সৃষ্টি কনেকৈ নিজৰ প্ৰতিবিম্ব চাব পাৰি। কৈ উভতি নিজৰ ঘৰলৈ দৌৰিলে।
![]() |
| Assamese Moral Story |
শিয়াল আৰু গাধৰ কাহিনী
আৰু সেইদিনা খনৰ পৰা সদায় কুৱাৰ পাৰলৈ যাব আৰম্ভ কৰিলে আৰু কিছু সময় কুৱাৰ পাৰত কটাব ধৰিলে। গাধৰ এই কায্য শিয়ালৰ এটা জাক আৰু কিছুমান মান লক্ষ্য কৰি আছিল। এদিন কুৱাৰ পাৰলৈ গৈ থাকোতে শিয়াল আৰু অন্য জীৱ জন্তুৱে বাটতে ৰখাই সুধিলে বন্ধু সদায় তুমি কিয় কুৱাৰ কাষলৈ যোৱা? কুৱাত কি আছে? গাধই মিচিকিয়াই হাঁহি ক'লে বন্ধু সকল মোৰ লগত বহুত ধূনীয়া বস্তূ দেখা পাবা বোলা যাও। সবকে লয় গাধ কুৱাৰ পাৰলৈকে গ'ল আৰু ক'লে ছোৱা কি ধূনীয়া ফটফটীয়া পানী নিজৰ প্ৰতিবিম্বটোকে কিমান ধুনীয়াকৈ দেখা পায় আগতে কাহানীয়ো এনেকুৱা দেখা নাছিলো।
ইয়াকে দেখি শিয়ালৰ বাহিৰে অন্য জীৱ জন্তুবোৰে বহুত ৰঙ পালে। আৰু নিজকে পিৰিকি পিৰিকি চাই আনন্দত মতলীয়া হ'ল। কিন্তু শিয়াল কেইটাই সহজে মানি লৱ নোৱাৰিলে আৰু ক'লে বন্ধু ইয়াতনো কি চাব লগীয়া আছে কৈ সিহঁতে বেলেগেকৈ গুছি আহিলে।
আৰু গাধ আৰু অন্য জীৱ জন্তুৱে গম নোপোৱাকৈ আলোচনাত বহিলে যে গাধই যি কৈছে আমাক মিছা কৈছে নিশ্চয় পানী তলত কিবা খাজনা আছে যি বিষয়ে গাধই আমাক কব বিচৰা নাই। আমাক পানী ৰ কথাকৈ মিছা মাতিছে। আৰু গাধ ৰ ইমান বুদ্ধি নাই যে খাজনা ৰ কথা গম পালেও তাৰ পৰা উলিয়াব পাৰিব। আৰু সিন্ধান্ত ললে যে গাধ ক পিছদিনা খন মাতিব যি কোনো উপায়ে গোপন ৰহস্য উলিয়াব।
কথা মতে কাম গাধ ক মাতি শিয়ালৰ জাক টোৱে আকৌ সুধিলে বন্ধু পানীৰ তলত কি খাজনা আছে কোৱা আধাই তোমাৰ আধা আমাৰ।গান ই টানি হাত জোৰ কৰি শিয়াল বিলাকক ক'লে "বন্ধু সকল ভুল নাভাবিবা তোমালোকে তাত একোৱে নাই মই পানী খিনি ৰ সৌন্দৰ্য এ চাব যাও তাত মই মোৰ প্ৰতিবিম্বটো চাই বৰ ভাল পাও। তাৰ তলত কি আছে বুলি চাব যায় নিজৰ জীৱনলৈ বিপদ নামাতিবা" বুলি কৈ ঘৰলৈ খোজ ললে ইয়াকে শুনাৰ পিছত শিয়ালৰ জাকটোৱে পিছৰ পৰা চিঞৰি কলে "তুমি গাধ গধা হৈয়ে থাকিবা আমাৰ বুদ্বিক চাবা আমি শিয়াল"।
পিছত দুদিন মান গাধ সেই ফালে যোৱা নাছিলে । এদিনাখন আকৌ গাধ যাব ওলাল সেইটোৱেই শিয়ালৰ জাক টোৱে ৰৈ আছিলে গাধই আগৰ দৰে তাত কিছু সময় কটাই মজাৰে ঘৰলৈ বুলি এখোজ দুখজকৈ আগবঢ়িলে। তাকে দেখি শিয়ালৰ জাকটো এটা এটাকৈ গুহাৰ পৰা ওলাই আহি আহি খাজনা বিচাৰি জপিয়াবলৈ ধৰিলে । জপিয়াই এ সিহঁতে চিঞৰিবলৈ ধৰিলে পানী ইমান দ আছিল যে খাজনাৰ কথা পাহৰি তেতু ফালি বেবাবলৈ ধৰিলে মৰিলো মৰিলো বুলি।
গাধ ই কিছূদুৰ পাইছিল হে চিঞৰ শুনি উধাই মুধাই কুৱাৰ পাৰলৈ দৌৰি যায় দেখা পালে যে গোটেই কেইটাই ককবকাই আছে কুৱাত। গাধ ই কি কৰু কি নকৰু উপাই হীন হৈ পৰিল। পানী ইমান থ গভীৰ আছিল যে সিহঁতক তুলি অনা ৰ কোনো উপাই এ নাই বুলি কবলৈ ধৰিলে "মই তোমালোক কলুৱে তাত একো নাই বুলি মোৰ কথা নুশুনিলী, মই গাধ মোৰ জ্ঞান বুদ্ধি নাই। তহতৰ আছে এতিয়া কি হ'ল লোকৰ উপদেশ নামানি নিজেই বহুত বুধিয়ক বুলি দ কুৱাত জপিয়াই দিলি । গাধ হও পিছে যি কও ভবিচিন্তী ভালে কও লোকক বিপদত পৰিব নিদিও এতিয়া মোৰ হাতত উপাই নাই তোমালোকে বচাবলৈ। " শিয়াল কেইটাই বন্ধু তোমাৰ কথা নুশুনী আমি ভূল কৰিলো বুলি কৈ কৈ কান্দি মৰি থাকিলে গাধ ই দুখন মনে তাৰ পৰা ঘৰলৈ উভতিলে।



0 Comments