কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড ইপিএফ
(EPF) Employee Provident Fund ৰ সদস্যসকলৰ জীৱন সৰল আৰু সুন্দৰ কৰাৰ কাৰণে এক উল্লেখযোগ্য ডিজিটেল
(Digital) আঢণি বা নৱীকৰণৰ জৰিয়তে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড সংস্থাই
(Employees' Provident Fund Organization) নিজৰ পৰ্টেলত
(Portal) (Passbook Lite) 'পাছবুক লাইট' নামৰ এক নতুন সংজোযন মুলক কায্যকৰী বৈশিষ্ট্য (Features) মুকলি (Launches) কৰিছে। আৰু উল্লেখনীয় যে এই বৈশিষ্ট্যৰ মুল পদক্ষেপৰ লক্ষ্য হৈছে ইপিএফ
(EPF) একাউণ্ট ব্যৱস্থাপনা অতি সহজ, দ্ৰুত, আৰু অধিক স্বচ্ছ কৰি তোলা।
ইয়াৰ প্ৰোয়জনীয়তা আৰু প্ৰশাসনৰ দায়িত্ব:
গুৰুত্বপূৰ্ণ যে
কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবিয়াই Union Minister Mansukh Mandaviya ঘোষণা কৰা এই পদক্ষেপ ফলপ্ৰসূ সংস্কাৰৰ অংশ যিয়ে কৰ্মচাৰীৰ দাবী প্ৰক্ৰিয়াকৰণৰ সময় হ্ৰাস কৰিব, জবাবদিহিতা উন্নত কৰিব আৰু তেওঁলোকৰ সন্তুষ্টি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিব। এই
EPF সংস্কাৰমূখী পদক্ষেপসমূহে ব্যৱহাৰকাৰীৰ অভিজ্ঞতাই বৃদ্ধি কৰাই নহয় লগতে দৰমহাপ্ৰাপ্ত ব্যক্তি সকলৰ বাবে ডিজিটেল সুবিধাৰ সাবলীকৰণৰ লগতে সম্পূৰ্ণ সহযোগেৰে চৰকাৰে স্ব -সেৱা মঞ্চৰও একেলগে প্ৰসাৰ সাধন কৰিব।
ইপিএফঅ'ৰ 'পাছবুক লাইট' 'Passbook Lite'কি হয়?
পাছবুক লাইট হৈছে পৰম্পৰাগত ইপিএফ পাছবুকৰ সৰলীকৰণ বা সহজভাৱে ইপিএফ সম্বন্ধীয় সকলো খবৰ বোৰ যাতে ইপিএফ সদস্য সকলে পায় তাৰেই সংস্কৰণ। ইয়াৰ দ্বাৰা ইপিএফ সম্বন্ধীয় সকলো কাম কোনো সমস্যা নোহোৱাকৈ সময়ৰ কাম সময়মতে কৰিব পাৰিব।
'Passbook Lite' ত পোৱা সুবিধা সমুহ:
1.পৰ্টেল ত প্ৰৱেশ কৰোতে বা ল'গ'ইন (Log in) কৰোতে কোনো আছুতীয়া নিয়ম নাথাকে। পোনপতীয়াকৈ ল'গ ইণ কৰিব পাৰিব।
2.আৰু উল্লেখনীয় যে স্নেপশ্বত ছোৱা, মুঠ অৱদান কিমান আছে, কিমান অৱদান উলিয়াব, বৰ্তমানৰ অৱদান কিমান জমা আছে আৰু তাৰ উপৰিও মুঠ সংগৃহীত অৱদান কিমান আছে
Current Consolidated Balance জমা ধনৰাশি কিমান হৈ আছে সহজভাৱে জানিব পাৰিব।
3.আৰু ই স্বচ্ছাতাৰে কৰিব পাৰিব, ইয়াৰ কাৰণে পৃথক ভাবে ল'গ' ইণ ৰ কোনো প্ৰয়োজন নাথাকিব Personal Financial Data সমুহ পোনপটীয়াকৈ পাৱ।
4.পাৰদৰ্শী Efficient Application Programming Interface (API) দ্বাৰা Portal লে ইপিএফ ৰ সদস্যক Real Time ত সকলো Digital সুবিধা প্ৰদান কৰিব।
5. লগতে ইপিএফ সৰলীকৰণ ক্ষেত্ৰত আগতে ইপিএফ ভোক্তা সকলে বিভিন্ন সমস্যাৰ সম্মুখীন হ'ব লগা হৈছিল এতিয়াৰ কোনো সমস্যাৰ সম্মুখীন নহয় লগতে নথীপত্ৰ অদলি বদলি কৰণৰ ক্ষেত্ৰত ও কোনো অসুবিধা নাপাই। এই সমুহ লাগতীয়াল দাতা Data পোনপতীয়াকৈ পাব|
6. Portal Access ৰ ক্ষেত্ৰত কোনো Server ৰ সমস্যা বা আন অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়।
7. Pdf Loading ও পোনপটীয়াকৈ কৰিব পাৰিব। Pension পেন্সনৰ কৰিব লগীয়া কাম সমুহ সুচাৰুৰূপে কৰিব পাৰিব।
8.লগতে নিজৰ একাউণ্ট আপডেট ও সময়মতে কৰিব পাৰিব আৰু এই সম্বন্ধীয়
Notification বা জাননী ও অহৰহ ভাবে পাই থাকিব ইয়াৰ দ্বাৰা কি কি সুবিধা সমুহৰে কেনেকৈ লাভাম্বিত হ'ব পাৰি তাৰ ও খবৰ পাই থাকিব।
9. লগতে কৰ্মচাৰী সকলে তেওঁলোকৰ ব্যত্তিগত ৰেকৰ্ড সমুহ সুশৃংখল ভাবে ৰাখিব পাৰিব। কোনো প্ৰশাসনিক বাধাৰ তেওলোকে সন্মুখীন নহয় তেওঁলোকৰ যিকোনো দাবী গুৰুত্ব সহকাৰে বিবেচনা কৰি সমাধানৰ ব্যৱস্থা কৰাৰ লগতে ইপিএফ ব্যৱহাৰকাৰীৰ আস্থা বৃদ্ধি কৰিব।
মুঠতে EPF ব্যৱহাৰকাৰী সদস্য সকললৈ এয়ে ভাল খবৰ যে এতিয়াৰ পৰা তেওঁলোকে সময়মতে অকণো সমস্যা নোহোৱাকৈ ডিজিটেল Digital মাধ্যমেৰে এই ক্ষেত্ৰত থকা সকলো সুবিধা লাভ কৰিব পাৰিব।
Note: Information has provided from newspaper and different website.
0 Comments