![]() |
দশেৰা পূজা উৎসৱ |
দশেৰা পূজা কি? আৰু ইয়াৰ অৰ্থ
দশেৰা হিন্দুসকলৰ এক অতি গুৰুত্বপূৰ্ণ আৰু আনন্দময় উৎসৱ। সাধাৰণতে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এই উৎসৱ পালন কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোতে অযোধ্যাৰ ৰজা ৰামে লংকাৰ ৰজা ৰাৱণক পৰাস্ত কৰি সত্য আৰু ন্যায়ৰ বিজয় সাব্যস্ত কৰিছিল। সেয়েহে দশেৰা উৎসৱক শুভৰ ওপৰত অশুভৰ বিজয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।দশেৰা পূজা উৎসৱৰ ইতিহাস
ৰাম আছিল ৰজা দশৰথ পুত্ৰ। দশৰথে ৰামক অযোধ্যাৰ ৰজা পাতিব বিচাৰিছিল।কিন্তু ৰামৰ সতীয়া মাক কৈকেয়ীৰ ইচ্ছাত দশৰথে ৰামক চৈধ্য বছৰৰ বাবে বনবাসলৈ পঠিয়াবলগীয়া হৈছিল। পিতৃৰ আদেশক সন্মান কৰি ৰামে বনলৈ যাত্ৰা কৰিলে। তেওঁৰ পত্নী সীতা আৰু ভাতৃ লক্ষ্মণেও তেওঁৰ সৈতে বনবাসলৈ গ’ল।
দশেৰা পূজা উৎসৱৰ পালন
অৱশেষত ৰাম আৰু ৰাৱণৰ মাজত ভয়ংকৰ যুদ্ধ আৰম্ভ হয়। এই যুদ্ধ দহ দিন ধৰি চলিছিল। দশম দিনা ৰামে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে। এই যুদ্ধত ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ আৰু পুত্ৰ মেঘনাদো নিহত হয়।দশেৰা উৎসৱ অতি আনন্দ আৰু জাকজমকতাৰে পালন কৰা হয়। বিভিন্ন ঠাইত মেলা, পূজা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উৎসৱৰ শেষত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ (ইন্দ্ৰজিৎ) বৃহৎ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়। এই পৰম্পৰাই মানুহক সদায় সত্য, ন্যায় আৰু সৎ পথত চলিবলৈ অনুপ্ৰেৰণা যোগায়।
এইবাৰো দশেৰা পূজা উৎসৱৰ অক্টোবৰ মাহৰ ২০ তাৰিখ, ২০২৬ ত দেশজুৰি পালণ কৰা হব।

0 Comments